Our National Flag

জাতীয় পতাকা(Our National Flag) এটা জাতিৰ স্বাধীনতা আৰু আত্ম-মর্যাদাবােধৰ মূর্ত প্রতীক। দেশৰ ভৌগােলিক অখণ্ডতা, সার্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা-আকাঙ্ক্ষা, আৱেগ অনুৰাগ, আনকি হৃদয়ৰ প্ৰতিটো স্পন্দন মূৰ্ত্তিমন্ত হৈ উঠে পতাকাৰ বুকুত। সেয়েহে জাতীয় পতাকাই বহন কৰে জাতীয় মর্যাদা আৰু এই মর্যাদা ৰক্ষাৰ কাৰণেই হাজাৰ হাজাৰ বীৰ-বীৰাংগনাই জাতীয় পতাকা বুকুত সাৱটি লৈ হাঁহি হাঁহি প্রাণ আহুতি দিয়ে।

১৯৪৭ চনৰ ২২ জুলাইত গণ-পৰিষদে অশােক-চক্র সম্বলিত ত্রিবর্ণ ৰঞ্জিত পতাকাকেই জাতিৰ ঐতিহ্য, সংস্কৃতি, আশা-আকাঙক্ষাৰ মূর্ত প্রতীক স্বৰূপে জাতীয় পতাকাৰ মর্যাদা দান কৰে। ভাৰতীয় জাতীয় পতাকাৰ ইতিহাস দীঘলীয়া অথচ গৌৰৱমণ্ডিত। ১৯০৬ চনত ইংলণ্ড আৰু ফৰাচী দেশত বাস কৰা প্রবাসী, স্বদেশপ্রেমিকসকলে ভাৰতীয় জাতীয় পতাকাৰ পৰিকল্পনা গ্রহণ কৰে। ওপৰভাগত ডাঠ হালধীয়া, মাজ ভাগত বগা আৰু তলৰ ভাগ ডাঠ সেউজীয়া। পতাকাখনৰ হালধীয়া ভাগত ওপৰত আঠোটা তৰা বছা হৈছিল; মাজ ভাগত “বন্দে মাতৰম্” লিখা হৈছিল। সেউজীয়া ভাগৰ বাঁওহাতে সূর্য আৰু সোঁহাতে অর্ধচন্দ্র অংকিত হৈছিল। কিন্তু ই স্থায়ী নহ’ল।

স্বাধীনতাৰ সময় ছোৱা

Our National Flag, ১৯১৬ চনত পুনৰ এক নতুন পৰিকল্পনা লৈ এটা তেজী ৰঙা আৰু আনটো সেউজীয়া ৰং সন্নিৱিষ্ট কৰি এখনি পতাকা তৈয়াৰ কৰা হয়; তেজী ৰঙা বােল পাঁচটা আৰু সেউজীয়া বােলৰ চাৰিটা ৰেখা আঁকি বাঁওহাতে ওপৰ চুকত ইউনিয়ন্ জেক, মাজত এটি তৰা আৰু তলৰ ফালে হাতীপটিৰ আৰ্হিত তৰা আৰু চন্দ্র অংকিত কৰা হৈছিল। ইও স্থায়ী নহ’ল। Our National Flag

১৯২১ চনত বিজয়ৱাড়াত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সময়ত অৰ্জৰ এজন যুৱকে গান্ধীজীক ৰঙা আৰু জেউজীয়া ৰঙৰ এখনি পতাকা উপহাৰ দিয়ে। গান্ধীজীয়ে তাৰ লগতে বগা ৰং আৰু যঁতৰ সন্নিৱিষ্ট কৰি পতাকাখন এনেদৰে সংস্কাৰ কৰে, ওপৰ ভাগ বগা, মাজৰ ভাগ সেউজীয়া আৰু তলৰ ভাগ ৰঙা। সোঁমাজত, দৰিদ্ৰ ভাৰতীয় জনসাধাৰণৰ অর্থনৈতিক জীৱনৰ প্রাণকেন্দ্র” যতৰ অংকিত কৰা হৈছিল। কংগ্ৰেছ মহাসভাই আনুষ্ঠানিকভাৱে এই প্রতাকাখন গ্ৰহণ কৰা নাছিল যদিও ইয়ে ১৯৩১ চনলৈকে ৰাজহুৱাভাৱে ব্যৱহৃত হৈছিল।

পতাকা

Our National Flag.

১৯৩১ চনত কৰাচীত বহা কংগ্ৰেছ অধিৱেশনত জাতীয় পতাকা গ্ৰহণৰ প্ৰস্তাৱ গৃহীত ৱৰ্কিং কমিটীয়ে নিযুক্ত কৰি দিয়া সমিতিয়ে কেৱল ডাঠ হালধীয়া ৰং যুক্ত আৰু বাঁওহাতে ওপৰ চুকত যতৰ-চিত্র অংকিত এখনৰ আৰ্হি দাঙি ধৰে। কিন্তু ই বুকিং কমিটীৰ পতাকা মনপূত নােহােৱাত সেই বছৰৰে আগষ্ট মাহত ৱৰ্কিং কমিটীৰ সকলাে সদস্যই সমূহীয়াভাৱে জাতীয় পতাকাৰ আঁচনি প্রস্তুত কৰে।

সেই মতে তিনিটা ৰঙৰ সমাৱেশ ঘটোৱাৰ সিদ্ধান্ত লােৱা হয়। ওপৰত ডাঠ হালধীয়া, মাজত বগা, তলত সেউজীয়া ৰং থাকিব। মাজৰ বগা অংশত যঁতৰৰ চিহ্ন থাকিব। পতাকাৰ আকাৰ ৩:২ জোখৰ হ’ব।

বােম্বাইত বহা কংগ্ৰেছ কমিটীৰ এই পতাকা জাতীয় পতাকা ৰূপে গ্রহণ কৰে। ৰং তিনিটাৰ অৰ্থ প্রতীকধর্মী বুলি গ্ৰহণ কৰা হৈছিল। সেই মতে ডাঠ হালধীয়া ৰঙটো ত্যাগ আৰু সাহসৰ বগা ৰংটো সত্য আৰু শান্তিৰ, সেউজীয়া ৰঙটো বিশ্বাস আৰু শান্তিৰ আৰু যতৰটো সৰ্বসাধাৰণৰ আশা-আকাঙক্ষাৰ প্রতীক। এইখনি পতাকাকে সকলাে আন্দোলন আৰু অধিৱেশনত উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্রাম তীব্রতৰ হােৱাৰ লগে লগে পতাকাখনিয়েও জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে আৰু স্বাধীনতাৰ সৈনিকসকলেও ইয়াক জাতীয় মর্যাদাৰ প্ৰতিভূ হিচাপে গ্ৰহণ কৰিছিল।

ইতিহাস, স্বাধীনতাৰ পাছত

স্বাধীনতাৰ আগৰলৈকে জাতীয় পতাকাখন বিভিন্ন সময়ত বহু সাল সলনি কৰা হৈছিল, যদিও স্বাধীনতাৰ পাছত সামান্য সংশোধন কৰি এক পূৰ্ণ পৰ্যায়ৰ জাতীয় পতাকা ৰূপে গ্ৰহণ কৰা হয়। ১৯৪৭ চনৰ ২২ জুলাইত এই পতাকা খনক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়।

জাতীয় পতাকাৰ ৰং কি কি?

আমাৰ জাতীয় পতাকা খন সমান্তৰাভাৱে তিনিটা ৰঙেৰে গঠিত, ওপৰত গেৰুৱা, মাজত শুকুলা বা বগা আৰু তলৰ অংশ সেউজীয়া।

জাতীয় পতাকা ৰঙৰ অৰ্থ কি ?

আমাৰ জাতীয় পতাকা খনৰ প্ৰত্যেকটো ৰঙৰ এক সুকীয়া বৈশিষ্ট্য আছে, পতাকা খনৰ গেৰুৱা ৰংটো ত্যাগ আৰু সাহসৰ প্ৰতীক, শুকুলা বা বগা ৰংটো শান্তি আৰু সত্যৰ প্ৰতীক, তলৰ সেউজীয়া ৰঙটো বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক। আমাৰ জাতীয় পতাকা খনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত ৩:২।

স্বাধীনতা লাভৰ পাছত এই পতাকাখনিকে(Our National Flag) যতৰৰ সলনি এটা চক্র দি জাতীয় পতাকাৰূপে গ্ৰহণ কৰা হৈছে। চক্ৰটো সাৰুনাথত থকা অশােক স্তম্ভত সন্নিৱিষ্ট চক্ৰৰ আৰ্হিত কৰা হৈছে। এই চক্ৰ ভাৰতীয় ঐতিহ্য আৰু কৃষ্টিৰ প্রতীক। জাতীয় পতাকাৰ ৰং আৰু চক্ৰৰ বিষয়ে বিশ্ববিখ্যাত ভাৰতীয় দার্শনিক, প্রাক্তন ৰাষ্ট্রপতি ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণনে এইদৰে ব্যাখ্যা দিছে ঃ গৈৰিক ৰং ত্যাগৰ প্রতীক; ভাৰতীয় জাতীয় জীৱনত ত্যাগৰ আদৰ্শই চিৰদিন প্রাধান্য লাভ কৰি আহিছে। বগা ৰং জ্ঞান-জ্যোতিৰ প্রতীক; জ্ঞান-জ্যোতিৰ অনাবিল শিখাই চিৰদিন ভাৰতক সনাতন সত্যৰ পথ প্রদর্শন কৰিব। সেউজীয়া ৰং উর্বৰা ভাৰত ভূমিৰ শস্য-সম্ভাৰৰ নির্দেশক; পাৰ্থিৱ জীৱনৰ ভিত্তি। চক্রটি ধর্ম-চক্র। ধর্ম-চক্র সম্বলিত পতাকাত নিহিত আদর্শ লৈ যিসকলে কর্মত ব্রতী হব সেইসকলক ধর্মই সঠিক পথ নির্দেশ দিব।Our National Flag.

বুৰঞ্জীবিদসকলৰ মতে অশােকৰ ৰাজত্বকালে যি দৰে এটা অন্ধকাৰ যুগৰ অন্ত পেলাই আন এটা নতুন আশা-আকাঙ্ক্ষাৰে পূৰ্ণ যুগৰ সূচনা কৰিছে, সেইদৰে এই চক্রইও প্রতীকৰূপে ভাৰতৰ বুৰঞ্জীৰ এক সন্ধিক্ষণত এটা শােষণেৰে ভৰা কলঙ্কিত যুগৰ মৃত্যু ঘােষণা কৰি, আন এটা জ্যোতির্ময় শান্তি, প্রগতিৰ যুগৰ সূচনা কৰিছে। বৌদ্ধ সাহিত্যত চক্ৰৰ অর্থ ন্যায় বা ধর্ম। কিন্তু এই ধর্ম সংকীর্ণ আনুষ্ঠানিক ধর্ম নহয়। এই ধর্ম বিশ্ব-জোৰা মানৱ-ধর্ম যিটো যুগে যুগে ভাৰতীয় জাতিৰ মহৎ আদর্শ হৈ আহিছে আৰু সিয়ে হৈছে বিশ্ব-প্রেম, বিশ্বশান্তি আৰু বিশ্ব-প্ৰগতিৰ ধর্ম। Our National Flag.

দার্শনিকসকলৰ মতে চক্রটি হৈছে জাতিৰ জীৱন চক্র, ভাগ্যচক্র। “দেশৰ ভাগ্যচক্রই জীৱনচেতনাৰ সন্ধিক্ষণত ন-কৈ গতি কৰিছে। এই গতি পৰাধীনতাৰপৰা স্বাধীনতালৈ, এন্ধাৰৰপৰা পােহৰলৈ, গ্লানিৰপৰা গৌৰৱলৈ।… জাতিৰ ভাগ্যচক্ৰৰ গতিশীল যাত্ৰাত অতীত ঐতিহ্য সঞ্জীৱিত হৈ উঠিব, দেশৰ গৌৰৱ বাঢ়িব।” বহুতৰ মতে এই চক্র সূৰ্যৰ প্ৰতীক। “ই ভাৰত আকাশত পৰাধীনতাৰ ডাৱৰ আঁতৰাই স্বাধীনতাৰ সূর্যোদয় বুজাইছে।”

বৈজ্ঞানিকসকলৰ মতে চক্ৰটো বৈজ্ঞানিক শক্তি সঞ্চাৰিত উৎপাদনৰ প্রতীক। বিজ্ঞানে স্বাস্থ্য, জ্ঞান আৰু কর্মশক্তি বৃদ্ধি কৰাৰ উপৰি সম্যক দৃষ্টিভংগী দিয়ে। গতিকে জাতীয় পতাকাত অংকিত এই চক্র-বিজ্ঞান চক্র; বিজ্ঞানৰ উৎকর্ষ আৰু প্ৰচাৰ চক্র। নিজ নিজ দৃষ্টিভংগীৰে জাতীয় পতাকাত নিহিত অর্থ যিয়েই নকৰক লাগে এই কথা সঁচা যে পতাকাই জাতিৰ অতীতৰ ঐতিহ্য, বর্তমানৰ আশা-আকাঙক্ষা আৰু ভৱিষ্যতৰ মধুময় কল্পনা, স্বপ্ন মূর্তভাৱে প্ৰকাশ কৰিছে। জাতীয় পতাকাৰ ছত্রছায়াত ভাৰত বিশ্বৰ বাবে শান্তি, প্রগতি আৰু স্বাধীনতাৰ মূৰ্ত্ত আদর্শ ৰূপে চিৰদিন ধ্ৰুৱতৰাৰ দৰে জিলিকি ৰব। Our National Flag.

জাতীয় পতাকা ব্যৱহাৰৰ নিয়ম

জাতীয় পতাকা জাতীয় জীৱনৰ প্রতীক। জাতীয় মর্যাদাৰ প্রতীক। সেয়েহে ইয়াৰ ব্যৱহাৰৰ নিয়ম সুনির্দিষ্ট কৰি দিয়া হৈছে। Our National Flag.

  • কোনাে বস্তু বা ব্যক্তিৰ গাত জাতীয় পতাকা লগাব নােৱাৰিব। অৱশ্যে ব্যক্তিগত বা আনুষ্ঠানিক পতাকা ব্যৱহাৰত বাধা নাই।
  • জাতীয় পতাকাৰ সোঁহাতে বা উৰ্দ্ধত কোনাে পতাকা উত্তোলন কৰিব নােৱাৰিব। একে শাৰীতে অন্য পতাকা উত্তোলন কৰাৰ প্রয়ােজন অনুভৱ কৰিলে তাক সদায় জাতীয় পতাকাৰ বাওঁহাতে আৰু কিছু চাপৰকৈ উত্তোলন কৰিব লাগিব।
  • জাতীয় পতাকা বহন কৰি নিব লাগিলে— বাহকে সোঁ-কান্ধত ওখকৈ আৰু শােভাযাত্রা সকলােৰে আগত নিব লাগিব।
  • জাহাজ বা যানবাহন আদিত অন্য পতাকা থাকিলে জাতীয় পতাকা সকলােৰে ঊৰ্ধত উত্তোলন কৰিব লাগিব।
  • স্বাধীনতা দিৱস, গণতন্ত্র দিবস আৰু বিশেষ ৰাষ্ট্ৰীয় উৎসৱতহে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব। এনে দিৱসত নিজ নিজ গৃহ। দোকান-পােহাৰ, চৰকাৰী, বেচৰকাৰী সকলাে অনুষ্ঠানতে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব ।
  • চৰকাৰী কার্যালয়, আদালত আদিত জাতীয় পতাকা চিৰ উড্ডীয়ন হৈ থাকিব পাৰে। ৰাষ্ট্ৰীয় শােক দিৱসত অর্ধনমিত হব।
  • পতাকা ডাঙৰ বা সৰু যিয়েই নহওক, আকাৰ কিন্তু সদায় ৩:২ হ’ব লাগিব। গৈৰিক ভাগ সদায় ওপৰ ভাগত থাকিব। পতাকা উত্তোলনৰ খুটাৰ নির্দিষ্ট জোখ ৪০ ফুট (১৩ মিটাৰ)।
  • পতাকা উত্তোলন কৰােতে জনতাই শ্রদ্ধা প্রদর্শন কৰিব লাগিব।
  • ৰাষ্ট্রপতি আৰু ৰাজ্যপালে ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ নকৰি নিজ নিজ পতাকা গাড়ী, মটৰ আদিত ব্যবহাৰ কৰিব পাৰে।

মন্তব্য

Our National Flag, জাতীয় জীৱনৰ প্রতীক পতাকাৰ সন্মান ৰক্ষা কৰাতাে প্রতিজন নাগৰিকৰে কর্তব্য।

জাতীয় পতাকাৰ ৰং কি কি ?

আমাৰ জাতীয় পতাকা খন সমান্তৰাভাৱে তিনিটা ৰঙেৰে গঠিত, ওপৰত গেৰুৱা, মাজত শুকুলা বা বগা আৰু তলৰ অংশ সেউজীয়া।

জাতীয় পতাকা ৰঙৰ অৰ্থ কি ?

আমাৰ জাতীয় পতাকা খনৰ প্ৰত্যেকটো ৰঙৰ এক সুকীয়া বৈশিষ্ট্য আছে, পতাকা খনৰ গেৰুৱা ৰংটো ত্যাগ আৰু সাহসৰ প্ৰতীক, শুকুলা বা বগা ৰংটো শান্তি আৰু সত্যৰ প্ৰতীক, তলৰ সেউজীয়া ৰঙটো বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক। আমাৰ জাতীয় পতাকা খনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত ৩:২।

জাতীয় পতাকাৰ সেউজীয়া ৰঙৰ অৰ্থ কি ?

সেউজীয়া ৰঙটো বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক।

Leave a Comment

error: Content is protected !!