Natural Beauty Of Assam

অসমৰ প্ৰাকৃতিক সৌন্দর্য

সুন্দৰৰ অলৌকিক মহিমাৰ ছন্দময় পৰশত গছে গছে, লতাই লতাই সৌন্দর্য-দীপ্ত কুসুমৰ প্রস্ফুটিত ৰূপচ্ছটাই প্ৰকৃতিৰ বুকুত সুন্দৰৰ সৌন্দৰ্যৰ জ্যোতির্ময় মেলা পাতি যােজন বিয়পা সুৰভিৰে প্রাণীজগতৰ মন বিমােহিত, চঞ্চল-চপল কৰি তােলে; মধুস্মিতা প্রকৃতিৰ লাস্যময়ী ৰূপৰ মাধুর্যই মানুহৰ মনােৰাজ্যত আলােড়ন সৃষ্টি কৰে; মানুহৰ মন নাচি উঠে। অনুভূতি জাগ্রত হয়; ভাবৰ হিল্লোলে দিগন্তৰ সীমা বিচাৰি উধাও হয় সৌন্দর্য ৰাজ্যৰ সন্ধানত; তাতেই প্রাকৃতিক বৈচিত্র্যৰ সার্থকতা।

আৰম্ভণি

Natural Beauty Of Assam, অসম প্ৰকৃতিৰ লীলাকেন্দ্র। প্ৰকৃতিৰ ৰূপ-মাধুর্যই মানুহৰ সৌন্দর্য পিপাসু মনক অহেৰাত্রি আহ্বান জনায় সুন্দৰৰ সৌন্দর্য ৰাজ্যলৈ। প্রতি ঋতুৰ আগমনে নৱ নৱ সৌন্দৰ্যৰ ৰূপ-মাধুৰী অসমৰ প্রকৃতিৰ বুকুত ফুলাই তুলি অসমীক নৱ নৱ কাচোনেৰে কাচি বিনন্দীয়া কৰি তােলে। সেই বিনন্দীয়া ৰূপৰ চমকেৰে প্ৰকৃতিয়ে আনে অসমীৰ সেউজী ৰাজ্যলৈ ফুলৰ মেলা, সৌন্দৰ্যৰ মনােৰম মেলা।

গ্রীষ্ম কাল

গ্রীষ্মৰ আগমনৰ লগে লগে প্ৰকৃতিৰ সমগ্ৰ বুকুৱেই সেউজীয়া ৰূপ ধাৰণ কৰে। বৰষাৰ লগে লগে সম্পূর্ণ সেউজীয়া হৈ উঠি গােটেই দেশখনকে মনােৰম সেউজীয়া ৰূপেৰে সজাই বিতােপন কৰি তােলে। বৰষাৰ জাক জাক মৌচুমীয়ে সমগ্র অসম ছাটি ধৰি তৰু-লতাবােৰক যেন পিয়াহৰ পানী যােগাই। গ্রীষ্মৰ প্ৰখৰ তাপত দগ্ধ হৈ থকা প্রাণলৈ নিবিড় প্রশান্তি আনি দিয়ে। বৰনৈৰ বুকুত, জান-জুৰি, নিজৰাৰ বুকুত বাৰিষাৰ ধল নামে; কলকল ধ্বনিৰে তীব্র বেগেৰে বৈ যায় নৈবােৰ।

তীব্র সোঁতেও তােলে কল-ধ্বনি; পাৰৰ কঁহুৱা, খাগৰি বতাহত কঁপে। লুইতৰ বুকুততা বান উঠে; দুই কূল উপচাই অপাৰ সমুদ্রৰ সৃষ্টি কৰি বৈ যায় গুৰুগম্ভীৰ গতিৰে মহাসাগৰ উদ্দেশ্যি। ৰিণি ৰিণি দেখা যায় দুই পাৰৰ দূৰৰ গাঁওবােৰ, পর্বত পাহৰবােৰ; দূৰৰপৰা দেখা যায় যেন নীলা নীলা পাৰিযুক্ত বগা এক সুদীর্ঘ বিস্তীর্ণ চাদৰ মেলি থৈছে ব্রহ্মপুত্র উপত্যকাৰ সোঁমাজত। এয়া যেন অসমী আইৰ বুকুৰ মনােম এক ৰিহাৰ আঁচল; বতাহৰ লহৰে লহৰে উৰি উৰি নাচি বাগি আইৰ অপৰূপ সৌন্দর্য দুগুণে মনােমােহা কৰি তুলিছে।

পাৰৰ খাগৰি, কঁহুৱাই হালি-জালি ৰঙতে বিভােৰ হৈ যেন মলয়াৰ চোৱৰেৰে আইৰ দেহৰ ক্লান্তি দূৰ কৰিছে। পাহাৰৰ ওখ ওখ বিৰিখৰ মাজে মাজে আঁকাই-পকাই কুলু কুলু সুৰেৰে বৈ থকা জুৰি-জানবােৰে যেন লাজৰ ওৰণি টানি বিভুৰ মহিমাৰ বন্দনা-গীত গাই অসীম উদ্দেশ্যে যাত্রা কৰিছে লুকাই লুকাই, অনাঘ্রাত। পাহাৰীয়া অনামিকা কুসুমৰ-সুৰভিৰ সঁফুৰা লৈ বৰষাৰ জান-জুৰিৰ এই অখ্যাত, অনামী অবাৰিত যাত্রাই কি সুন্দৰ, হিয়াউপচা অনুভূতি, ভাবৰ হিল্লোল নিগৰি পৰা সৌন্দর্যৰ সৃষ্টি কৰে তক উপলব্ধি কৰিব পাৰে কবিসকলেহে, দার্শনিকসকলেহে।

শৰতকাল

বর্ষা যায়, শৰত আহে। পৃথিৱীলৈ আহে ৰি ৰিক্‌ মলয়াৰ মৃদুল হিল্লোল। তাৰ পৰশ লাগি পথাৰৰ সেউজীয়া লখিমী হালি-জালি, নাচিবাগি আনন্দ-বিভােল। বিলৰ বুকুত শাৰদীয় পূর্ণিমাৰ স্নিগ্ধ জ্যোৎস্নাৰ ৰূপালী পৰশত ভেঁটফুলে হাঁহে। দিনমণিৰ আগমনৰ মাহেন্দ্ৰ ক্ষণত শতদলে হাঁহি মাৰে মিচিচা। সুনির্মল বাৰিধিয়ে বুকুত সাবটি লয় প্রস্ফুটিত ভেঁট আৰু পংকজৰ কোমল ছায়াক আলফুলকৈ। ৰাজহাঁহ, কাম, কোঢ়া, শৰালিয়ে তাৰ মাজে মাজে দাপােণত মুখ চাই সাঁতুৰি-নাদুৰি ৰঙৰ মেলা পাতে সৰসীৰ বুকুত। কেনে হিয়াউতলােৱা, হৃদয়জুৰােৱা, শান্তিৰ অমিয়া ঢলা মনােৰম দৃশ্য এইবােৰ! প্ৰকৃতিৰ বুকুৰ এই মহালীলা চাই চাই প্রকৃতি যেন নিজেই নিশ্ৰুপ হৈ ৰয়।

জোনাকৰ জেউতিত নিশা শেৱালিয়ে হাঁহিৰে উপচাই তােলে। প্ৰকৃতিৰ বুকু, সৌৰভৰ লালিমা কঢ়িয়াই মলয়াই শান্তিৰ সুবাস ঢালে মানুহৰ অন্তৰত। নিশাৰ অন্তত নিয়ৰৰ মুকুতা সৰা দূবৰিৰ বুকুত শেৱালিৰ সৌন্দর্যই ৰচে তৰাৰ দীপালী। “হানাহানাৰ তীব্র গন্ধত সপােন বিভােৰ মাধৱী নিশা।” ৰজনীগন্ধাৰ মৃদু সৌৰভত উতলা-উন্মনা মানৱ প্রাণ। গুণ গুণ ভােমােৰাই বকুলৰ বুকুত তােলে মধুৰ গুঞ্জন। তগৰৰ সৌৰভৰ মাদকতাত মানুহৰ হৃদয় টম গােলাপৰ মিচিকি হাঁহিত মানৱ প্রাণত উঠে সপােন ৰাজ্যৰ ছন্দময় ভাবৰ উন্মেষ। বনানিৰ কুঞ্জে কুঞ্জে সুবাসিত কুসুমৰ সৌন্দৰ্যৰ মেলা। ডালে ডালে বিবিধ বিহংগৰ নৃত্যৰ মূচ্ছনা।


গুৰু-গম্ভীৰ, শান্ত-সমাহিত নৈৰ বুকুত সুনির্মল জলধিৰ মৃদুল তৰংগৰ নাচোনৰ খেলা; পাৰে পাৰে সেউজীয়া দূবৰিৰ দলিচাত হৰিণীৰ চঞ্চল গতি; নৈৰ দাপােণত মুখ চাই তধা লাগি পানী পিয়া হৰিণৰ নীৰৱ, নিশ্চল, শান্ত চাৱনি, জুৰিৰ বুকুত কুলু কুলু সুৰৰ ঝংকাৰ। ওপৰত কুসুমিত বিৰিখৰ ছন্দময় হেন্দোলনি। কেনে মনােৰম, চিত্তাকর্ষক শৰতৰ এই বিনন্দীয়া ৰূপ !

হেমন্ত ঋতু

শৰতৰ সৌন্দর্যময় ৰূপৰ ঝলকত হেমন্তৰ বুকুত যেন জ্বলি উঠে হিংসাৰ দাবানল। সৌন্দর্য মােহময়, মায়াময় মাধুৰ্যৰ বুকুত ধ্বংসৰ নিষ্ঠুৰতা সানি দিবলৈকো হিমৰ কণাৰে প্ৰকৃতিৰ বুকুত অন্ধকাৰ আৱৰণ তৰি দিয়ে; প্রকৃতি ধূসৰ হয়, অসমী ধূসৰ হয়; ধূসৰ হয় শাৰী শাৰী নীলাচল; কিন্তু পুৱা অৰুণৰ হেঙুলীয়া আভাই হিম-কণাৰ বুকুত সাতৰঙী ৰামধেনুৰ সৃষ্টি কৰি মুহূর্ততে প্রকৃতিক কৰি তােলে বিচিত্র ময়ী। বিস্তীর্ণ পথাৰত লখিমীয়ে সােণােৱালী সাজোনেৰে সাজে, কাচোনেৰে কাচে, অপৰূপ নাচোনেৰে নাচে, সােণগুটিবােৰ হিমৰ আৱৰণেৰে, অৰুণৰ হেঙুলীয়া আভাৰে মুকুতা হৈ জিলিকি পৰে। হেমন্তৰ আকাশত ৰাজহাঁহ, শৰালিৰ কলধ্বনিৰ কোলাহল। পৃথিৱীত সােণগুটি মাণিকী মধুৰী, জহাৰ মৌ মতলীয়া গােন্ধ। হেমন্তৰ প্ৰকৃতিৰ কি যে এক অলৌকিক খেলা!

শীত কাল

হেমন্তক হেঁচুকি শীত আহে শমনৰ কঠোৰ লৈ। পথাৰ উৰুঙা হয়, শিমলু লঠঙা হয়। শীতৰ নিষ্ঠুৰ পৰশত তৰু লতাবােৰ উলংগ হয়; নীলাচল বাকলি বসন পৰিধান কৰি ভস্মাচল হয়; নদ-নদী জান-জুৰি নীৰৱ নিস্তব্ধ হয়; কিন্তু অদ্ধোলংগ মহাদেৱে শিৱৰূপে দয়া, ক্ষমা, কৰুণাৰ আধাৰ হৈ বৰদাতা আশুতােষৰূপে সুন্দৰ হােৱাৰ দৰেই প্ৰকৃতিৰ এই উলংগ ৰূপৰ মাজতাে আছে সৌন্দৰ্যৰ অপূর্ব সম্ভাৰ; শিমলু, পলাশ, মদাৰৰ লঠঙা ৰূপত জিলিকে ৰক্ত পুষ্পদল; শৰতৰ আকাশৰ শুধু বগা চমক চমক ডাৱৰৰ দৰেই, লঠঙা গছৰ ডালত জাক জাক কুঁৱলীৰ লুকা-ভাকু, ভুমুকা-ভুমুক। বৰফৰ বিন্দু বিন্দু কণিকাই হিমালয়ৰ বুকুত হােলী খেলাৰ দৰেই শীতৰ কুঁৱলীয়ে গছৰ ডালত হােলী খেলে।

বসন্ত কাল

“শীত হলে অন্ত, আহিব বসন্ত।” শীত শেষ হয়; বসন্ত আহে। মধু বসন্তৰ শুভাগমনৰ অগ্রদূত কুলি, কেতেকী, মইনা, সখিয়তি, দহিকতৰাৰ ডালে ডালে মধুৰ কাকলি, অস্ফুট কুজন, নৃত্যৰ মূচ্ছনাৰ লগে লগে শীতৰ হেঁচাত উলংগ হৈ থকা তৰু, লতা, তৃণৰ আগত জিলিকি উঠে কোমল কোমল কুঁহিপাত; পল্লৱিত হয় সমস্ত উদ্ভিদজগত। আমে মলিয়ায়, কঁঠালে মুচি পেলায়; পলাশ, পাৰলি, অশােক, নাগেশ্বৰ, চম্পা, শিৰীষ, সেউতী, জাতিযুতি, কৃষ্ণা চূড়া আদি বিভিন্ন কুসুমৰাজি মঞ্জৰিত হৈ প্ৰকৃতিৰ বুকু ফুলেৰে উপচাই জাতিষ্কাৰ কৰি তােলে। মধুলিহৰ মধুৰ গুঞ্জনে মন মতলীয়া, প্রাণ মতলীয়া কৰি তােলে; ডালে ডালে কপৌ ফুল জিলিকি উঠে; কেতেকীৰ মৌ-মতলীয়া সুৰভিয়ে, চম্পাৰ সুধা নিঃসৰিণী সৌৰভে মানৱৰ মনকুঞ্জত যৌৱনৰ লালিমা সানি দিয়ে।

বসন্তৰ মধুৰ পৰশত সমগ্ৰ অসম এখনি মনােৰম কুঞ্জ কাননত পৰিণত হয়, য’ত চিৰ-প্রস্ফুটিত চিৰ কুসুমিত হয় হাজাৰ হাজাৰ ফুল; যিফালে দৃষ্টি যায়, সেইফালেই ফুল, কেৱল ফুল। অসমৰ প্ৰকৃতিৰ বুকুৰ এই সৌন্দর্য ঋতুৰ সমন্বয়ত গঢ়ি উঠা। কিন্তু প্রকৃতিৰ যি স্বাভাৱিক চিৰন্তন, শাশ্বত সৌন্দর্য—তাৰ পৰিৱৰ্তন নাই; সেই সৌন্দর্য স্ৰষ্টাৰ মহিমাময়ী ৰূপৰ চিৰন্তন প্রতিফলন। অসমৰ প্ৰকৃতিৰ বুকুত তাৰ দৃষ্টান্ত অলেখ অপাৰ। লুইতৰ পাৰৰ ভুৱনেশ্বৰীৰ বুকুত উঠি লুইতৰ দুয়ােকাষৰ পৰ্বত-ভৈয়ামলৈ এবাৰ চকু ফুৰালে প্রাকৃতিক ৰূপৰ চমক দেখি দৃষ্টি স্থিৰ হৈ ৰয়।

সুউচ্চ এই পাহাৰৰ নামনিয়েদি গহীন-গম্ভীৰ গতিৰে বৈ যােৱা মহাবাহু লুইতখনি সর্পিল গতিৰে কাষৰ দীঘলীয়া আলিয়েদি অহা-যােৱা যান-বাহনবােৰ অপৰূপ দেখি। অগ্নিগড়ৰ সু-উচ্চ বুকুৰপৰা কাষেদি বৈ যােৱা লুইতখন, বিস্তীর্ণ বলুকাৰাজি, য’ত সূৰুযৰ প্ৰখৰ কিৰণ পৰি হাজাৰ হাজাৰ মৰীচিকাৰ সৃষ্টি হয়, য’ত—“লুইতৰে বালি বগী ঢকে ঢকি কাছই কণী পাৰে লেখি”নীলিমাৰঞ্জিত দুই পাৰৰ দূৰৰ মনােৰম পাহাৰবােৰ, হালি-জালি ৰঙতে বিভােৰ হােৱা কঁহুৱাৰ ফুলবােৰ, ফাগুনৰ বাউলী পছােৱাৰ ধাৰে ধাৰে অনাই-বনাই ফুৰা কমােৱা তুলাবােৰ, সন্ধিয়াৰ আকাশত দিগন্তৰ সীমা ভেদি উৰি যােৱা বগা বগলীৰ শাৰীবােৰ কেনে মনােৰম; চিত্তাকর্ষক। বিস্তীর্ণ নল, খাগৰি, ইকৰা,

খেৰণিৰ অৰণ্যবােৰ, তাৰ মাজে মাজে সর্পিল গতিৰে কুলু কুলু সুৰে নিৰৱচ্ছিন্নভাৱে অনন্ত উদ্দেশ্যি বৈ থকা জুৰিবােৰ সেই অৰণ্যৰ মাজে মাজে ঘাঁহ খাই ঘূৰি ফুৰা হাতী, গড়, মেঠোনৰ পালবােৰ, নির্জন বিলৰ পাৰে পাৰে চৰি ফুৰা গাহৰি, হৰিণৰ জাকবােৰ, শুকান ঘাঁহনিৰ আঁৰ লৈ ঘূৰি ফুৰা সেঁকীয়াপতীয়া, নাহৰফুটুকী বাঘবােৰ, মেঘৰ গাজনিৰ ছেৱে ছেৱে চালি ধৰা ময়ুৰৰ নাচোনৰ ছেওবােৰ—অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ এটি এটি জ্যোতিপুঞ্জ। হাফলং অঞ্চলৰ শাৰী শাৰী বাহৰ জোপাবােৰ, অসমৰ গাঁও-ভূঁইৰ তামােলৰ শাৰীবােৰ, পাহাৰৰ দাঁতিয়ে দাঁতিয়ে যােজন বিয়পা বাগিচাৰ জোপােহা জোপােহা চাহপাতৰ গছবােৰ, তাৰ মাজে মাজে প্ৰসাৰিত ডালে-পাতে সুশােভিত শিৰীষ গছবােৰ সৌন্দৰ্যৰ অক্ষয় ভাণ্ডাৰ।

লুইতৰ বুকুৰ মাজত শ্যামল ঘাঁহনিৰে ঢকা চাপৰিবােৰ, লুইতৰ ৰূপালী পানীৰে পৰিৱেষ্টিত ভস্মাচল পাহাৰটি নিখিল নীলিমাব্যাপী স্ৰষ্টাৰ গৰিমাৰ মহিমাৰ ধ্বজাবাহী নীলা নীলা উত্তংগ গিৰিশৃংগবােৰ, শাৰী শাৰী গিৰিমালাবােৰ, শাৰী শাৰী পাহাৰৰ মাজৰ ঠেক, দ উপত্যকাবােৰ সৌন্দর্যৰ একোটি একোটি স্ফুলিংগ। মুঠ কথাত প্ৰকৃতিয়ে অসমীক এনে অপৰূপ, শ্যামলী, বিনন্দীয়া সাজেৰে সজাই দীপলিপ সুন্দৰী কন্যা সজাই জিলিকাই ৰাখিছে যে ইয়াৰ অংগ অংগ মনােৰম শােভা, হিয়াৰ ৰন্ধ্রে ৰন্ধ্রে কমনীয় কান্তি। সৌন্দৰ্যৰ স্বৰ্গপুৰী, নীলিম অসমভূমি প্রকৃতিৰ বৰ জীয়াৰী।

Leave a Comment

error: Content is protected !!