Flood In Assam

অসমৰ বানপানী

Flood In Assam, সুজলা-সুফলা, শস্য-শ্যামলা অসম প্ৰকৃতিৰ লীলাভূমি। প্রকৃতিয়ে অসমৰ বুকুত সােণ গজায়, সােণ ফলায়। কেঁচা সােণ, বগা সােণ, ক’লা সােণেৰে অসম ঐশ্বর্যমণ্ডিত। অসমৰ বালিয়ে, মাটিয়ে, নৈয়ে, জানে, জুৰিয়ে কেৱল সােণ আৰু সােণ। এই সােণ বুটলি বুটলি অসমীয়া জাতি এসময়ত ঐশ্বর্যশালী হৈছিল। কিন্তু “তেহি নাে দিৱসা গতাঃ”। আজি সােৱণশিৰীৰ বুকুৰ সােণ ভেঁকুৰা কোনে বুটলিব? মানে অসমীয়া জাতিৰ কঁকাল ভাগিলে; ইংৰাজে সােণৰ ভাণ্ডাৰ লুটি উদং কৰিলে; অসমীয়া জাতি ধােদৰ বংশধৰ। বিদেশীয়ে অসমৰ বুকুৰ সােণ বুটলি লুটি নিছে। আজিৰ অসমীয়াই নির্জীৱ সৰীসৃপৰ কংকাল লৈ নিঃসহায়ভাৱে ভেবা লাগি চাই আছে। কিয়?

আৰম্ভণি

নদীমাতৃক অসমভূমিত “সকলাে আছিল, সকলাে আছে কিন্তু একোৱেই নাই। ভাগ্যৰ বিপর্যয়। এই বিপর্যয় কোনে ঘটালে? তাৰ উত্তৰ নদীয়ে। নদীয়ে অসমক সুজলা-সুফলা, শস্যশ্যামলা কৰি, অসমৰ বুকুত সােণ গজাই জগতৰ ঈর্ষাৰ পাত্ৰ কৰি তুলিছিল; আজি পুতৌৰ পাত্র কৰি তুলিছে; অমােঘা গর্ভসত, শান্তনু কুল-নন্দন ব্ৰহ্মপুত্ৰৰ কুটিল দৃষ্টিয়ে অসমক জোলােকাজোলােকে পানী খুৱাই, জীর্ণ-শীৰ্ণ কৰি তুলিছে। চিৰদিন অসমৰ কল্যাণকামী, হিত-সাধনকাৰী লুইতৰ বলিয়া বানে অসমৰ বুকুত প্রলয়ৰ সৃষ্টি কৰিছে। অসম ৰসাতলে যাওঁ যাওঁ ।

বানপানীৰ মৃল কাৰণ আৰু অপকাৰ

চিৰদিন পানীৰে পৰিপুষ্ট লুইত আৰু ইয়াৰ উপনৈসমূহ বাৰিষা মৌচুমীয়ে বৰষি জলধাৰাই ওই তুলি বুৰঞ্জী-বিস্মৃত যুগৰেপৰা অসমত বানপানীৰ সৃষ্টি কৰি আহিছে। লুইত আৰু উপনৈবোৰৰ বগা পানীয়ে চিৰদিন অসম মাতৃৰ চৰণ ধুৱাই আহিছে আৰু ভৈয়ামৰ শস্যবােৰক খাদ্য-সম্ভাৰ যােগাই সেউজীয়া পথাৰৰ বুকুত সােণগুটি ফলই আহিছে। কিন্তু কালৰ চকৰি ঘূৰে। চক্ৰৱৎ পৰিবৰ্তন্তে সুখানি চ দুঃখানি চ। আজিৰ অসমৰ বৰনৈ উপনৈৰ বানে সোণ গুটি নফলায়; ধ্বংস কৰে। কুৰি শতিকাৰ সভ্যতাৰ যুগৰ বিজ্ঞানী মানুহে ধৰাৰ বুকুত সৃষ্টিৰ পাতনি মেলিছে; আৰু প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰি সংহৰণ কৰিছে। অসমৰ ইতিহাসত অসমে পােন-প্ৰথমবাৰৰ বাবে ১৯৩৪ চনত নগাঁও জিলাত কপিলীৰ প্ৰলয়ংকৰী বলিয়া বানৰ নিষ্ঠুৰ আঘাত অনুভৱ কৰে। Flood In Assam.

সেই বানে নগাঁও জিলাৰ মধ্য আৰু পশ্চিম খণ্ডত প্ৰলয়ৰ সৃষ্টি কৰি, ৰাস্তাঘাট দলং আদি উৎখাত কৰি, পথাৰৰ লহপহকৈ বাঢ়ি অহা, হালি-জালি ৰঙত ব্যাকুল সেউজী শস্যবােৰ সমূলঞ্চে বিনাশ কৰি, হাজাৰ হাজাৰ মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পদ, গৰু-ম’হ, প্রবল সোতৰ বুকুত বিলীন কৰি দি মানুহক জলকুঁৱৰীৰ নিষ্ঠুৰ কবলত এৰি দি তাণ্ডৱ নৃত্যৰে নাচিছিল। মানুহৰ অলক্ষিতে, অতি আচম্বিতে দুপৰ নিশা বলিয়া বানে নগাঁও জিলাৰ বুকুত মহাসিন্ধুৰ সৃষ্টি কৰি কিমান মানুহ, জীৱ-জন্তুক কালৰ বুকুত বিলীন কৰি দিলে তাৰ খতিয়ান সম্ভৱতঃ চিত্রগুপ্তৰ খাতাতহে পােৱা যাব। তাৰ পাছত কিছুদিন নিবিড় নীৰৱতা। প্রলয় নাচোন নাচি নাচি ক্লান্ত হৈ যেন কপিলী, লুইত মহানিদ্ৰাত নিমগ্ন হ’ল।

কিন্তু কালে সাৰ পালে, অমানিশাই সাৰ পালে; মহাকালে বিশাল দুই বাহু প্ৰসাৰিত কৰি কৰাল গ্রাসেৰে অসমীক সাবটি ধৰিলে। ১৯৫০ চনৰ আগষ্ট মাহত কোনােবা অনামা, অজানা উৎসৰপৰা সৃষ্টি হােৱা প্ৰলয়ৰ প্রতিমূর্তি বর্ভুইকঁপে মহাকালক তাণ্ডৱ নৃত্যৰে নচুৱালে। লুইতৰ বুকুত, তাৰ চঞ্চলা-চাপলা, লাস্যময়ী জীয়াৰীবিলাকৰ বুকুত সেই তাণ্ডৱ নৃত্যই তুলিলে উর্মিমালাৰ সর্বগ্রাসী জোৱাৰ। সেই জোৱাৰে অসম ধুই ৰিক্ত কৰিলে। অসমৰ সেউজী বুকু উদং হ’ল। ঘাঁহন এডালো বাকী নৰ’ল। মানুহ মৰিল, জীৱ-জন্তু মৰিল; অসমাে মৰিল। অসম মৰিশালি হ’ল। সােৱণশিৰীৰ বুকুৰ, লুইতৰ বুকুৰ দুই পৰিৰ সােণ চেকুৰা উটি গ’ল ।

সিদিনাৰেপৰা লুইত বলিয়া হল, সােৱণশিৰী বলিয়া হ’ল, আৰু বলিয়া হ’ল হাজাৰ বিৰ স্রোতস্বিনী! উত্তৰত ডিক্রং,ৰঙানৈ, সােৱণশিৰী, বৰনৈ, ভৰলী, পাগলাদিয়া, বেঁকী, কালদিয়া,ৰলীয়া, চাউলখােৱা, নানাহ, চম্পাৱতী,সৰলভঙা, আইনদী, সােণকোষ দক্ষিণ পাৰত লােহিত, ডিহিং, দিচাং, দিখৌ, জাজী, ভােগদৈ, ধনশিৰী,কপিলী, দিগাৰু,কলহী,দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি সকলােবােৰ উপনৈ বলিয়া হৈছে। সুৰ আৰু বৰাকো বলিয়া হৈছে। অতীতৰ শান্ত, সমাহিত, তৃষা-নিবাৰণী জলদাদেৱীসকলে তীব্র স্রোতেৰে, প্রবল প্রতাপেৰে বছৰে বছৰে অসমৰ বুকুত প্লাৱনৰ সৃষ্টি কৰি অসমক যেন বিশ্বৰ বুকুৰপৰা নিশ্চিহ্ন কৰি দিবলৈ প্রয়াস পাইছে।

শদিয়া কালৰ বুকুত বিলীন হৈছে। ডিব্ৰুগড়ৰ মাজ মজিয়াত লুইতৰ টিঘিল-ঘিলনি; পৃথিৱীৰ বৃহত্তম নদীদ্বীপ, অসমৰ কৃষ্টি সংস্কৃতিৰ লাইখুটা মাজুলী লুইতৰ গৰ্ভত শুই পৰিছে। পলাশবাৰীয়ে বাৰিধিৰ বুকুত মুখ লুকুৱালে। অসম উপত্যকা, বৰাক উপত্যকাৰ কিমান ঠাই যে প্লাৱনৰ কীর্তিস্তম্ভ হৈ স্মৃতিপটত অদৃশ্য হৈ গৈছে। প্রতি বছৰে লাখ লাখ টকাৰ শস্য নষ্ট হৈছে; হাজাৰ হাজাৰ গৰুম’হ উটি গৈছে; মানুহৰাে প্রাণহানি হৈছে। অতি সম্প্রতি বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

২০০৪ চনৰ জুলাই মাহত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবােৰৰ বানে ৰাজ্যখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। গােটেই অসমখনেই বানৰ পানীত বুৰ যায়। পথ যােগাযােগ, ৰে’ল যােগাযােগ বিচ্ছিন্ন হৈ যায়। বৰাক উপত্যকাতাে একেই পৰিস্থিতিৰ সৃষ্টি হয়। ফলত গােটেই ৰাজ্যখনেই স্থবিৰ হৈ পৰে। লাখ লাখ মানুহ গৃহহীন হৈ শিবিৰত আশ্রয় ল’বলগা হয়। গৰু, ম’হ, আৰু অন্যান্য জীৱ-জন্তু বানৰ পানীত উটি যায়। ঘৰ-দুৱাৰ ধ্বংস হয়। বহু মানুহ মৃত্যু মুখত পৰিবলগা হয়।

২০০৪ চনত জুলাই মাহৰ সেই বানৰ পানী নৌশুকাওঁতেই একেটা বছৰতে অক্টোবৰ মাহৰ প্রথম সপ্তাহত হঠাতে সৃষ্টি হােৱা বানে ৰাজ্যখনত আতংকৰ সৃষ্টি কৰে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বহু ঠাইত পানী উঠাৰ ফলস্বৰূপে পথ যােগাযােগ ব্যৱস্থা ব্যাহত হয়। নগাঁৱৰ ৰহাত এখন পকী দলং বানে উটুৱাই নিয়াত গুৱাহাটী উজনি অসমৰ পথ যােগাযােগ বন্ধ হৈ যায়। ফলত গুৱাহাটীৰপৰা মঙ্গলদৈ, তেজপুৰ, কলিয়াবৰ হৈহে গাড়ীবােৰ উজনি অসমলৈ যাব লগা হয়। বানৰ বাবে হেজাৰ হেজাৰ মালবাহী ট্রাক বাটতে ৰৈ থাকিবলগা হয়। ৰাজ্যৰ অৰ্থনীতিত ই নেতিবাচক প্রভাৱ পেলায়।

অক্টোবৰৰ সেই বানে গােৱালপাৰা জিলাৰ দুধনৈ, কৃষ্ণাই, বলবলা, আগিয়া প্রভৃতি অঞ্চলত উগ্ৰ ৰূপ ধাৰণ কৰে। ধাৰাৰ বৰষুণৰ ফলত পাহাৰৰপৰা নামি অহা বৰষুণৰ পানীয়ে গােৱালপাৰা চহৰৰ পৰা ১৫ কিলােমিটাৰমান নিলগত অৱস্থিত বলবলা নামৰ অঞ্চলৰ কেইবাশ মানুহ উটুৱাই নিয়ে। তাৰে ডেৰশমান লােকৰ মৃতদেহ উদ্ধাৰ হয়; বাকী বহুতৰে কোনাে খবৰ নাই। খেতিপথাৰ, জীৱ-জন্তুৰ বিস্তৰৰ ক্ষতি সাধন হয়।

ৰাজ্যৰ অৰ্থনীতিত এনেধৰণৰ বানে অত্যন্ত ক্ষতিকাৰক প্ৰভাৱ পেলাই আছে। সেয়ে ৰাজ্য চৰকাৰে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছে আৰু কিমান দিন যে কালে অসমৰ বুকুত দুর্যোগৰ সৃষ্টি কৰি অসমীয়া জাতিৰ ৰাজহাড় পােনার নােৱৰা কৰি, অসমীয়াক অকাল জৰাগ্রস্ত কৰি ৰাখিব কোনে জানে মানুহে মহাকাশ জয় কৰি চন্দ্ৰৰ বুকুততা গৌৰৱ-ধ্বজা উৰুৱাইছে। অন্যান্য গ্রহৰ বুকুলৈকো মহাকাশযান নিক্ষেপ কৰি মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব খুজিছে। কিন্তু মানুহৰ প্রজ্ঞাক, মনীষাক প্ৰত্যাহ্বান জনাই প্রকৃতি চিৰদিন অপৰাজিতা হৈ, উন্নত শিৰেৰেই ৰৈছে।

প্ৰকৃতিৰ ওচৰত মানুহে নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। তথাপি মানুহৰ প্ৰতিভাৰ উৎকৰ্ষই কোনাে কোনাে ক্ষেত্ৰত প্ৰকৃতিৰ দুৰ্দম শক্তিক নিয়ন্ত্রণ কৰিবলৈ সামান্য পৰিমাণে হ’লেও সক্ষম হৈছে। আমেৰিকাই বিশ্ববিখ্যাত নিয়ন্ত্ৰণৰ উপায় “টেনেচি ভেলী প্রজেক্ট”ৰ যােগে দুর্দমনীয়, সর্বধ্বংসকাৰী টেনেচি নদীক নিয়ন্ত্রণ কৰি তাৰ সর্বধ্বংসী শক্তিক মানুহৰ কল্যাণৰ কামত প্রয়ােগ কৰিছে। “চীনৰ দুখ”নামে অভিহিত হােৱা হােৱাংহাে নদীকো নিয়ন্ত্রণ কৰি তাৰ শক্তি চীনৰ জনতাৰ কল্যাণত খটুৱাই দেশৰ অশেষ উপকাৰ সাধন কৰিছে।

ভাৰততাে নদী উপত্যকা আচনি গ্ৰহণ কৰি দামােদৰ ভেলী প্রজেক্ট, ভাক্ৰানাংগল প্রজেক্ট আৰু অন্যান্য নৈ-উপনৈ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি মীন-মহল খােলা হৈছে। পথাৰত পানী যােগান ধৰা হৈছে; জলাধাৰ তৈয়াৰ কৰি মীন-মহল খােল হৈছে। কিন্তু কেন্দ্রীয় চৰকাৰৰ অসমৰ প্রতি আওকণীয়া, অমনােযােগী মনােভাব, অৱহেলাৰ কাৰণে অসমৰ নৈ-উপনৈসমূহ নিয়ন্ত্ৰণৰ ব্যৱস্থা হােৱা নাই। অথচ এই নদনদীবােৰ নিয়ন্ত্রণ কৰাৰ ব্যৱস্থা হ’লে প্ৰচুৰ পৰিমাণৰ জলবিদ্যুৎ উৎপাদন হ’ব আৰু বানপানীৰ কৰাল গ্রাসৰপৰাও অসমে মুক্তি পাব। অসমতাে নদীবান্ধৰ যাে-যা চলিছে যদিও সিও হৈ উঠাৰ সম্ভাৱনা ক্রমে ক্ষীণ হৈ আহিছে। অসমৰ তীব্ৰবেগী নৈবােৰৰপৰা কম আয়াসতে যিমান পৰিমাণৰ জলবিদ্যুৎ উৎপাদন হ’ব, তাৰ সহায়তে সমগ্ৰ ভাৰতৰ কল-কাৰখানা চলিব আৰু ভাৰত কৃত্রিম জোনালীৰে উদ্ভাসিত হৈ উঠিব। আনহাতেদি বানপানীৰ কৰাল গ্রাসৰপৰা মুক্ত অসম পুনৰ সুজলা-সুফলা, শস্য-শ্যামলা হ’ব।

সামৰণি

অসমৰ সােণবােৰ কাঢ়ি নি অন্য ৰাজ্য সােণ-সুৱগা কৰি তুলিছে। ১৯৬২ চনত চীনা আক্ৰমণৰ বিপৰ্যয়ৰ বুকুত অসমক জলাঞ্জলি দি তাহানিৰ কেন্দ্রীয় চৰকাৰৰ প্রধানমন্ত্রী নেহৰুৱে “Oh Assam”– “বিদায় অসম” বুলি ঘঁৰিয়ালৰ চকুপানী অৱহেলা টুকিছিল। আজিৰ নেতাসকলেও বাৰিষা লুইত আৰু ইয়াৰ উপনৈবিলাকৰ প্রলয়ঙ্কৰী তাণ্ডৱ লীলা চাবলৈ বিমানত চৰি আহি বিহংগম দৃষ্টি (Bird’s Eye View) প্ৰসাৰি সহানুভূতিৰ “আই ঐ দেহি”—একেষাৰ শুনােৱাই অসমীয়াৰ ক্ষুধা, তৃষ্ণাৰ জ্বালা উপশম ঘটাই থৈ যায়। বছৰি একোবাৰকৈ! অসম অকাল কুষ্মট্ৰণ্ড; কান্দিব নাজানে। সেয়েহে কল নাপায়।

সেইবাবে আনৰ চেপা-খুন্দা খাই, বানপানীত উটি বুৰি, মৰি-হাজি যিকেইটা অসমীয়া কলখােৱা ধাতু লৈ বাচি আছে- সেইকেইটাই এক হৈ ঐক্য শক্তিৰে বৰ লুইতক, সৰু লুইতক ভেটিবলৈ কঁকালত টঙালি বান্ধি ওলাওঁহঁক। অসমৰ সােণ ভেঁকুৰা কাকো বুটলিবলৈ এৰি নিদি তাৰ আর্জনেৰে লুইতক ভেটিবলৈ বৰ বৰ যন্ত্রপাতি কিনি আনাে; বৃহৎ বৃহৎ জলাধাৰ, জলাশয় নির্মাণ কৰি অতিৰিক্ত পানীখিনি জমা কৰি থৈ পথাৰলৈ নি সােণৰ মাটিক সােণ গজাওঁ; নৈয়ে নৈয়ে ভেটা দি বিজুলীক ধৰি আনি, বৰ বৰ কাৰখানা-পাতি চলাওঁ; শিল্পৰ বৰঘৰ সার্জেী, অসমক সােণেৰে সজাওঁ; প্লাৱনক প্রকৃতিৰ বুকুত বিলুপ্তি ঘটাওঁ।

Leave a Comment

error: Content is protected !!