Brahmaputra River I ব্রহ্মপুত্র নদী

মহাবাহুব্রহ্মপুত্ৰক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ, অর্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱনধাৰণ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম৷ ব্ৰহ্মপুত্ৰৰ উৎস হিমালয়ৰ উত্তৰে। এই নদী অৰুণাচল-হিমালয়ৰ মাজেৰে দক্ষিণলৈ আহি অসম উপত্যকাত প্ৰৱেশ কৰিছে। ব্রহ্মপুত্র এখন পূর্বৱর্তী নদী বুলি জনা যায় কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে। ই পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী। Brahmaputra River,

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি

ব্ৰহ্মপুত্ৰ নদীৰ Brahmaputra River উৎপত্তি হৈছে মাউণ্ট কৈলাশৰ মানসৰোবৰ হ্ৰদৰ পৰা প্ৰায় 60 মাইল দক্ষিণ-পূবত থকা চেমায়ুংডুং পৰ্বতমালা যি 5300 মিটাৰ উচ্চতাত দক্ষিণ তিব্বতৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ নদীয়ে বেছিভাগ তিব্বতৰ চাংপো হিচাপে অতিক্ৰম কৰে। ভাৰতৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ আগতে ই মুখ্য হিমালয় পৰিসৰৰ সৈতে তিব্বতত ১৬২৫ কিলোমিটাৰ প্ৰবাহিত হয়।

1

ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চল ৫,৮০,০০০ বর্গ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ ৫০.৫ শতাংশ চীন দেশত, ৩৩.৬ শতাংশ ভাৰতবৰ্ষত, ৮.১ শতাংশ বাংলাদেশত আৰু ৭.৮ শতাংশ ভূটানত পৰিছে। ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা অঞ্চলৰ শতকৰা ৪১,৮৮ ভাগ অৰুণাচলত, ৩৬.৩৩ ভাগ অসমত ৬.০ ভাগ মেঘালয়ত, ৫.৫৫ ভাগ নাগালেণ্ডত, ৩.৭৫ ভাগ চিকিমত আৰু ৬.৪৭ ভাগ পশ্চিমবঙ্গত পৰিছে। ব্ৰহ্মপত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়াৰলুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলেমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। এই ৰাজ্যত প্ৰৱেশৰ পিছত এই নদীক ছিয়াং নামেৰে জনা যায়। Brahmaputra River.

প্রায় ২৭৮ কিলোমিটাৰ পথ প্রবাহিত হৈ পাছিঘাটৰ পৰা ৫২ কিলোমিটাৰ নামনিত ছিয়াঙৰ নামনি অংশ অর্থাৎ দিহঙে দিবং আৰু লোহিতৰ লগ লাগিছে। এই সংগমস্থলীৰ (পৰশুৰাম কুণ্ড) পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলাধাৰেই ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰই বছৰি ৪০২ নিযুত টন গেদ কুঢ়িয়াই পৃথিৱীৰ দ্বিতীয় বৃহৎ গেদ কঢ়িওৱা নদীত পৰিণত হৈছে। অতি কম ঢালৰ ভূখণ্ডৰ মাজেৰে প্ৰচুৰ গেদ সমৃদ্ধ ব্ৰহ্মপুত্র প্রবাহিত হোৱাৰ বাবে ইয়াৰ জলধাৰ ঠায়ে ঠায়ে বিভিন্ন শাখাত বিভক্ত হৈছে আকৌ এই শাখাবোৰ পুনৰ লগ লাগিছে। এনেদৰে প্রবাহিত নদীক গুম্ফিত নদী বুলি কোৱা হয়৷ নদীখনৰ এনে গতিৰ ফলত প্ৰায় ৬০০ টামান চৰ চাপৰি সৃষ্টি হৈছে।

ইয়াৰ ফলত নদীখনৰ প্ৰস্থ ঠাই বিশেষে ৭ কিলোমিটাৰতকৈও অধিক হৈছে। ব্ৰহ্মপুত্ৰৰ আৰু কেইটামান বিশেষত্বৰ বাবে নদীখনক পৃথিৱীৰ এক বিশেষ নদী হিচাপে গণ্য কৰা হয়। ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আছে। ৬৪৫ বর্গ কিলোমিটাৰ এলেকা আৱৰি থকা নদীদ্বীপ মাজুলীত ১৫৫ খন বসতিপূর্ণ গাঁও আছে। জৈৱবিচিত্ৰতাৰ দিশৰ পৰা মাজুলী অতিশয় চহকী। এই নদীদ্বীপ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। মাজুলীৰ মুখা শিল্প বিশ্ববিখ্যাত। ব্ৰহ্মপুত্ৰৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াত্ পোৱা বিৰল প্ৰজাতিৰ শিহু। গোটেই পৃথিৱীত কেৱল চাৰিটা প্ৰজাতিৰ নিৰ্মল পানীত থকা শিহু আছে।

তাৰ ভিতৰত প্লেটানিছ গেঞ্জেটিকা (Platenish Gangetica) নামৰ লুপ্তপ্রায় শিহুবিধ ব্ৰহ্মপুত্ৰত আছে। অৱশ্যে এই শিহু বর্তমান প্রায় ২০০ টা মানহে আছেগৈ। বিৰল প্ৰজাতিৰ এই শিহু বহুতো গৱেষক আৰু পৰ্যটকৰ আকৰ্ষণ বিন্দু ব্ৰহ্মপুত্ৰ নদী পৰিভ্ৰমী চৰাইৰ এটা সুদীৰ্ঘ আৰু গুৰুত্বপূৰ্ণ ভ্ৰমণ পথ। সুদূৰ ইউৰোপ, চাইবেৰিয়া আদিৰ পৰা পৰিভ্ৰমী চৰাই ব্ৰহ্মপুত্ৰ পথেৰে দক্ষিণ-পূব এছিয়ালৈকে উৰি আহে। তাৰে বহুতো পক্ষী অসমৰ বিল, জলাহবোৰত আশ্রয় লয়। সাধাৰণতে শীতকালত এনে পৰিভ্ৰমী চৰাই অসমত দুই তিনি মাহৰ বাবে আশ্রয় লয় আৰু পুনৰ নিজ স্থানলৈ গতি কৰে।

1

জলবায়ু I Brahmaputra River

অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত | বতৰৰ অৱস্থা একোটা বছৰৰ বিভিন্ন সময়ত বিভিন্ন হোৱাৰ বাবে বছৰটোক চাৰিটা ঋতুত ভগোৱা হৈছে। বর্ষা, শীত, শৰৎ আৰু বসন্ত। এই চাৰিটা ঋতুৰ ভিতৰত বৰ্ষা আৰু শীত ঋতু কিছু দীঘলীয়া। শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বৰ্ষা আৰু শীতৰ মাজত শৰৎ ঋতু। এই দুই ঋতুকাল যথেষ্ট চুটি। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীত্কাল। এই সময়ত গড় উত্তাপ ১৫° ছেলছিয়াছতকৈ তললৈ নামে। এই ঋতুত পুৱা গধূলি কুঁৱলী পৰা দেখা যায়।

মাৰ্চ মাহৰ পৰা উষ্ণতা বাঢ়িবলৈ লয়। লগতে ধূলি-ধুমুহাৰ প্ৰকোপ বাঢ়ে। মাৰ্চ মাহৰ শেষৰ পৰা প্রায় গোটেই এপ্রিল মাহত অসমত যি ধুমুহা বতাহ বলে তাকে স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয়। এই সময়ছোৱাতে গছে নতুন পাত মেলে আৰু এটা চুটি সময়ৰ বাবে বসন্ত কাল বিৰাজ কৰে। তাৰ পিছত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু ছেপ্টেম্বৰ মাহ পর্যন্ত প্ৰৱল বৃষ্টিপাত হয় ।Brahmaputra River ইয়াৰ ঠিক আগে আগে প্ৰধানকৈ মে’ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয়। এই সময়ত উত্তাপ ৩০° ছেলছিয়াৰ পৰা ৩৫° ছেলছিয়াছ পর্যন্ত হয়গৈ) ছেপ্টেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বৰ্ষা ঋতুৰো অন্ত পৰে। ক্ৰমে আকাশ ফৰকাল হয়।

নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা শীত ঋতু আৰু বৰ্ষা ঋতুৰ মাজৰ সময়ছোৱা হ’ল শৰৎকাল যিটো ঋতু যথেষ্ট চুটি। লাহে লাহে শীতৰ প্ৰকোপ বাঢ়ে আৰু ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বায়ুমণ্ডলৰ উষ্ণতা সৰ্বনিম্ন হয়গৈ। এই সময়ত গড় উত্তাপ ১৩° ছেলছিয়াছমান হয় যদিও মাজে মাজে তাপমাত্র ৮° ছেলছিয়াছলৈ হ্রাস হয়।

উল্লেখযোগ্য যে পূৱ আৰু পশ্চিম অসমৰ জলবায়ুৰ মাজত কিছু পার্থক্য আছে। ঠিক তেনেদৰে হিমালয়ৰ পাদভূমিত আন ঠাইৰ তুলনাত উষ্ণতা কিছু কম অনুভূত হয়। গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আদি জিলাকেইখনৰ জলবায়ু পশ্চিমবঙ্গৰ উত্তৰ-অঞ্চলৰ দৰে। বৰাক উপত্যকাৰ জিলা কেইখনত সাধাৰণতে অধিক বৃষ্টিপাত হোৱাৰ লগতে বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বেছি হৈ থাকে। তাৰ ফলত তুলনামূলকভাৱে অধিক গৰম অনুভৱ হয়। মধ্য অসমৰ দক্ষিণ নগাঁও আৰু হোজাই জিলা বৃষ্টিছায়া অঞ্চলত পৰাৰ বাবে এই অঞ্চলৰ জলবায়ু অসমৰ আন ঠাইৰ তুলনাত কিছু শুকান। পূৱ অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজী আৰু লক্ষীমপুৰ জিলাৰ জলবায়ু মধ্য অসমৰ দৰে যদিও শীতকালত উষ্ণতাৰ পৰিমাণ কিছু কম অনুভূত হয়। Brahmaputra River.

1

অসমত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰভাৱ I Brahmaputra River

অসমৰ অৰ্থনীতিও প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। গ্রামাঞ্চলৰ শতকৰা ৮৬ ভাগ লোক শস্য উৎপাদন, মাছমৰা আৰু বনজ সম্পদ আহৰণ কৰা আদি প্ৰাথমিক কাৰ্যৰ লগত জড়িত। অসমৰ অনুকূল জলবায়ুৰ বাবেই কৃষক সকলৰ এই কার্যকলাপ সম্ভৱ হৈছে৷ কিন্তু শেহতীয়া তথ্য অনুসৰি অসমৰ জলবায়ু ক্ৰমে সলনি হৈছে। উষ্ণতাৰ পৰিমাণ বাঢ়িছে আৰু বৃষ্টিপাত অনিয়মীয়া হোৱাৰ লগতে পৰিমাণো হ্ৰাস হৈছে। জলবায়ুৰ এই পৰিৱৰ্তনৰ গতি আগন্তুক সময়ছোৱাত আৰু অধিক হ’ব বুলি বিজ্ঞানীসকলে তথ্য সহকাৰে আগজাননী দিছে। এনে পৰিৱৰ্তনে নিশ্চিতভাৱে অসমৰ কৃষি ব্যৱস্থা, জলাশয়সমূহত মাছ, কাছৰ উৎপাদন, চাহ উদ্যোগ তথা বনাঞ্চলসমূহত বিৰূপ প্ৰভাৱ পেলাব। তদুপৰি সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণ তথা জীৱ-জন্তুৰ স্বাস্থ্যৰ অৱনতি আৰু বিভিন্ন প্ৰকাৰৰ বেমাৰ-আজাৰৰ প্ৰকোপ বাঢ়িব। Brahmaputra River.

ব্ৰহ্মপুত্ৰ নদী ক’ত অৱস্থিত?

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে মাউণ্ট কৈলাশৰ মানসৰোবৰ হ্ৰদৰ পৰা প্ৰায় 60 মাইল দক্ষিণ-পূবত থকা চেমায়ুংডুং পৰ্বতমালা যি 5300 মিটাৰ উচ্চতাত দক্ষিণ তিব্বতৰ অন্তৰ্গত।

ব্ৰহ্মপুত্ৰ নদীত কি বিখ্যাত?

“শক্তিশালী ব্ৰহ্মপুত্ৰ” বুলি জনাজাত ই হৈছে ভাৰতৰ আটাইতকৈ বহল নদী। তিব্বতত য়াৰলুং চাংপো হিচাপে উদ্ভৱ হোৱা, ই হৈছে এক সীমা-পাৰ নদী যি বাংলাদেশলৈ বৈ গৈছে। আপুনি বিদেশী ভ্ৰমণ, সুন্দৰ সূৰ্যাস্ত আৰু আশ্চৰ্যকৰ দৃশ্য উপভোগ কৰিব পাৰে।”

ভাৰতত কোনখন নদীক ৰঙা নদী বুলি কোৱা হয়?

ব্ৰহ্মপুত্ৰ নদী

কোন খন দেশত ব্ৰহ্মপুত্ৰ প্ৰবাহিত নহয়?

ভূটান ৰাজ্য

ব্ৰহ্মপুত্ৰ নদীৰ অন্যান্য নাম

ব্ৰহ্মপুত্ৰ নদী, বাঙালী যমুনা, তিব্বতীয় চাংপো, চীনা (পিনিন) য়াৰলুং জাংবো জিয়াং বা (ৱেড-গাইলছ ৰোমানীকৰণ) য়া-লু-চাং-পু চিয়াং, মধ্য আৰু দক্ষিণ এছিয়াৰ মুখ্য নদী।

Leave a Comment

error: Content is protected !!