Ancient History of Assam, 7 Sister, উৎপত্তি, চাৰিসীমা, জলবায়ু

ভাৰতৰ বিভিন্ন ৰাজ্য সমূহৰ ভিতৰত নানা বৈচিত্ৰৰে সমৃদ্ধ ৰাজ্য ancient history of Assam ৰ বিষয়ে এই লেখনি টোৰ জৰিয়তে আপোনালোকৰ আগত উপস্থাপন কৰাৰ সামান্য প্ৰয়াস কৰিছো। লিখনি টো Assam history in Assamese language ত শেষলৈকে পঢ়ক, বৃহত্তৰ অসমৰ বিষয়ে এটি লিখনিৰ আওতাত সামৰি লব পৰাটো যদিও কোনোপধ্যে সম্ভৱপৰ নহয় তথাপিও চেষ্টা কৰা হৈছে যাতে পঢ়ুৱৈয়ে এই লিখনি তোৰ জৰিয়তে অসমৰ বিষয়ে বহু খিনি তথ্য লাভ কৰিবলৈ সক্ষম হব।

অসম ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত এখন ৰাজ্য। উত্তৰ, পূব আৰু দক্ষিণ দিশত পর্বতমালাই আগুৰি থকা, ব্রহ্মপুত্র নদীৰ দুয়ােপাৰে অৱস্থিত অসম ভৌগােলিক অৱস্থান অনুসৰি ১৪ ডিগ্ৰীৰ পৰা ২৮ ডিগ্রী উত্তৰ অক্ষৰেখা আৰু প্রায় ৯০ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্রী পূব দ্রাঘিমাত অৱস্থিত।

7 sister, 7 sisters of Assam, সাতভনী

এই ৰাজ্য কেইখনক Seven sisters of India বুলি জনা যায়, কিয়নো এই ৰাজ্য কেইখন এখনে আনখনৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল। এই গোটেই কেইখন ৰাজ্য শিলিগুৰি কৰিডৰৰ জৰিয়তে ভাৰতৰ সৈতে সংযুক্ত হৈ আছে। যিটো সাতভনী (7 sister) ৰাজ্যৰ লগত সংযোগ স্থাপনৰ মূল পথ হিচাপে পৰিচিত আছিল।

ইয়াৰ উপৰিও ভাৰতৰ স্বাধীনতাৰ পাচত ৰাজনৈতিক কাৰণত অসমৰ পৰা পৃথক হৈ যােৱা নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্রদেশ, ত্ৰিপুৰা আৰু মণিপুৰক ধৰি পূৰ্বোত্তৰ অঞ্চলক সাতভনী (7) Seven Sister বােলা হয়।

Ancient History of Assam
Ancient History of Assam

অসম নামৰ উৎপত্তি, Assam History in Assamese Language

অসম’ নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক’ব নােৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্রসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্রাগজ্যোতিষপুৰ (পূবৰ পােহৰৰ নগৰ) আছিল আজিৰ গুৱাহাটী বা তাৰ দাঁতিকাষৰীয়া অঞ্চল। ত্রয়ােদশ শতিকামানত আহােমসকলে এই ভূখণ্ড জয় কৰাৰ পাচত অসম নামটোৰ প্ৰচলন হয়। Ancient History of Assam

আহােম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী,সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম Axom, আছাম Assam, অসম Asom, আসম, আসাম, অহম, আহম, আহােম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়।

Ancient History of Assam

অসম নামৰ উৎপত্তি সম্বন্ধে কোনাে কোনাে পণ্ডিতে মত পােষণ কৰে যে, এই ভূখণ্ড পর্বত-পাহাৰেৰে অসমান হােৱা বাবেই ইয়াৰ নাম অসম হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্রাকৃতিক সৌন্দর্যত অসমৰ সমতুল্য আৰু কোনাে নাই বাবে অসমৰ নাম অ-সম’ হ’ল। আন কোনাে কোনাে পণ্ডিতৰ মতে আহােম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহােম’ শব্দটোৰ পৰা অসম হৈছে।

কিন্তু অসম শব্দটোৰ পৰা আহােম হৈছেনে, আহােম শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক’ব নােৱাৰি। সংস্কৃতত ‘অ-সম’ শব্দটোৰ অৰ্থ যাৰ সমান কোনাে নাই’ অথবা প্রতিদ্বন্দ্বীহীন, অদ্বিতীয়। অর্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনাে ক’তাে নাই। Ancient History of Assam

ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অর্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জন্ম হৈছে। টাই আৰু প্রাচীন আহােম ভাষাত ছাম’ মানে পৰাজিত। তাৰ লগত অসমীয়া ‘আ’ উপসর্গ যােগ কৰিলে হয় ‘আ-ছাম’, অর্থাৎ, অপৰাজেয় অথবা বিজয়ী। পণ্ডিত

বেডেন পাৱেলে তেওঁৰ ইণ্ডিয়ান ভিলেজ কমিউনিটি’ (Indian Village Community) নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগােষ্ঠী বড়ােসকলৰ ছাে-ছাম’ (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে।

অসম ইংৰাজৰ অধীনলৈ যােৱাৰ পাচৰ পৰা আছাম’ আৰু আসাম’ শব্দ দুটা প্রচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড ‘অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বােলা হ’ল। ইংৰাজসকলেই অসম’ বা ‘আসাম’ক ইংৰাজীলৈ ASSAM বুলি লিপ্যন্তৰ কৰে। বর্তমান অসমৰ নামটো ইংৰাজীত ASOM বুলি লিখা হয়।

Boundary of Assam, অসমৰ চাৰিসীমা

ভৌগােলিকভাৱে নিৰূপণ কৰিব পৰাকৈ অসমৰ কোনাে প্রাকৃতিক সীমা Boundary of Assam নাই। বর্তমান অসমৰ যি চাৰিসীমা সি ৰাজনৈতিকভাৱেহে নির্ণয় কৰা হৈছে। ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূ-খণ্ডৰ জৰিয়তেহে অসম ভৌগােলিকভাৱে উত্তৰ বংগ তথা দেশৰ আন অংশৰ সৈতে সংলগ্ন।

Boundaries of Assam

বর্তমান অসমৰ উত্তৰে অৰুণাচল প্রদেশ আৰু ভূটান; পূবে অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰ; দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা; পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ। Ancient History of Assam

প্রাকৃতিক বিভাগ, Natural Beauty of Assam

অসমৰ ঘাই প্রাকৃতিক বিভাগ তিনিটা। উত্তৰত পূর্ব-পশ্চিমাকৈ (১)ব্রহ্মপুত্র উপত্যকা, (2) দক্ষিণত বৰাক উপত্যকা আৰু (৩) এই দুই উপত্যকাৰ মাজত কাবি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এটি লিখনি যুগুত কৰা হৈছে। যিটো পঢ়িলে আপোনাৰ মনতো প্ৰকৃতিৰ লাস্যময়ী ৰূপৰ মাধুৰ্য্যই মনোৰাজ্যত আলোড়ন সৃষ্টি কৰিব।

অসমৰ নদ-নদী, Rivers of Assam

অসমৰ তিনি-চতুর্থাংশ জুৰি আছে ব্রহ্মপুত্র উপত্যকা। ব্রহ্মপুত্র অসমৰ প্রধান নদী আৰু এই নদী প্রায় ৭২৫ কিলােমিটাৰ জুৰি অসমৰ মাজেদি বৈ গৈছে।

1

ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীবােৰ হ’ল: সােৱণশিৰি, জীয়াভৰলী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, দিহিং, দিবাং, দিখৌ, জাঁজী, ভােগদৈ, ধনশিৰি, কপিলী, জীয়াধল, ৰঙানৈ, দিক্রং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সােণকোষ, ডিব্ৰু, বুঢ়ীদিহিং, ডিগাৰু, কুলসী, শিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি।

পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী (মাটিকালি ৯২৯ বর্গ কিলােমিটাৰ) আৰু পৃথিৱীৰ ক্ষুদ্রতম নদীদ্বীপ উমানন্দ (মাটিকালি ঃ ১৬.৩৩৫ বিঘা ২ কঠা ৫ লেচা) ব্রহ্মপুত্র নদীতে অৱস্থিত। ব্রহ্মপুত্র নদী হিমালয়ৰ মানস সৰােবৰৰ পৰা অলপ পূবফালে অৱস্থিত ‘টামচুক খামবাব’ নামৰ এটা হিমবাহৰ (প্রায় ৩১ ডিগ্রী উত্তৰ অক্ষৰেখা আৰু ৪২ ডিগ্রী পূব দ্রাঘিমা) পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অসমৰ মাজেদি গৈ বংগােপসাগৰত পৰিছে।

ব্রহ্মপুত্র নদী দীঘলে প্রায় ২.৮৮০ কিলােমিটাৰ। এই নদীৰ দুয়ােপাৰে ভূটান-অৰুণাচল-হিমালয় আৰু মেঘালয় মালভূমিৰ মাজৰ ঠেক অংশই ব্রহ্মপুত্র উপত্যকা। এই উপত্যকা দীঘলে প্রায় ৭২৫ কিলােমিটাৰ আৰু বহলে গড়ে ৮০-১০০ কিলােমিটাৰ। অসমৰ প্ৰায়বােৰ প্ৰধান চহৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে অৱস্থিত।

অসমৰ আন এটা প্রাকৃতিক ভাগ হ’ল বৰাক উপত্যকা বা কাছাৰ সমতল। এই উপত্যকা প্রায় ১০০ কিলােমিটাৰ দীঘল আৰু ৯৬ কিলােমিটাৰ বহল। বৰাক উপত্যকাক উত্তৰ কাছাৰ, মণিপুৰ আৰু মিজোৰামৰ পাহাৰবােৰে তিনিফালে আবৰি ৰাখিছে। এই উপত্যকাৰ ঘাই নদী বৰাক।

প্রায় ৯০০ কিলােমিটাৰ দৈৰ্ঘ্যৰ বৰাক নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈ মণিপুৰৰ মাজেৰে বৈ গৈ কাছাৰ জিলাত সােমাই বদৰপুৰৰ ওচৰৰ সুৰৰ্মা আৰু কুশীয়াৰা নামে দুটা শাখাত বিভক্ত হৈ বাংলাদেশত সােমাইছে। আৰু শেষত মেঘনা নামেৰে মিলিত হৈ ব্ৰহ্মপুত্ৰত (পদ্মা) পৰিছে। বৰাকৰ ভালেমান উপনদী আছে। তাৰ ভিতৰত যদুকাটা, জিৰি, জাতিংগা, বগাপানী, সােণাই, লংগাই, কনি আদিয়েই প্রধান।

এই নৈবােৰে যুগ যুগ মাটি খান্দি আৰু খন্দা মাটি পুনৰ সিঁচৰতি কৰি বৰাক উপত্যকা গঢ়ি তুলিছে। উপত্যকাটোৰ পশ্চিমলৈ উচ্চতা বৰ কম। তদুপৰি ইয়াত বহু সৰু সৰু টিলা আৰু বিল সিঁচৰতি হৈ আছে। উচ্চতা কম হােৱা বাবে ইয়াত সঘনাই বানপানী হয়।

মেঘালয় ৰাজ্যৰ দক্ষিণ-পূবত অৱস্থিত বৰাক উপত্যকা পলসুৱা। ব্রহ্মপুত্র আৰু বৰাক, এই দুয়ােটা উপত্যকা বালি, আলতীয়া মাটি বা দুয়ােবিধৰ মিশ্রণ, বালি শিল আৰু পচন উদ্ভিদেৰে গঠিত।

ব্রহ্মপুত্র উপত্যকাৰ দক্ষিণত কাবি পাহাৰ আৰু উত্তৰত কাছাৰ পাহাৰ। কাবি পাহাৰ মেঘালয় মালভূমিৰে এটা অংশ। এই অঞ্চল শিলাময়। ইয়াৰ পাহাৰবােৰ ক্ষয় গৈ চাপৰ হৈ গৈছে। মাজে মাজে পাহাৰবােৰৰ মাজত সৰু সৰু উপত্যকাৰ দৰে সমতলাে আছে। কাবি আংলঙৰ দক্ষিণৰ উত্তৰ কাছাৰৰ পাহাৰবােৰ সেউজীয়া গছ-বনেৰে ঢকা আৰু এই পাহাৰবােৰ লাহে লাহে জিলাখনৰ মাজভাগলৈ ওখ হৈ গৈ বৰাইল নামে এক উচ্চ পাহাৰ শ্ৰেণীত মিলি গৈছে।

এই পাহাৰ শ্ৰেণীয়েই অসমৰ আটাইতকৈ ওখ পাহাৰ। কাবি পাহাৰ আৰু উত্তৰ কাছাৰৰ এই পাহাৰীয়া অঞ্চলটো উত্তৰলৈ এঢলীয়া আৰু কাবি পাহাৰৰ বহিৰাংশত ইয়াৰ গড় উচ্চতা সমুদ্র পৃষ্ঠৰ পৰা ৪৫০ মিটাৰ। কাবি পাহাৰ আৰু উত্তৰ কাছাৰ পাহাৰৰ মালভূমি অঞ্চলতে আছে দুটা শৃংগ সিংহাসন (উচ্চতা ১,৩৫৯ মিটাৰ) আৰু ডামবুকছাে (উচ্চতা ১,৩৬১ মিটাৰ)।

অসমৰ জলবায়ু , Climate of Assam

অসমৰ জলবায়ু ভাৰতৰ আন অঞ্চলৰ জলবায়ুতকৈ অলপ বেলেগ। ইয়াৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছে।

1

অসম মৌচুমী অঞ্চলৰ ভিতৰতে এখন অধিক বৰষুণ হােৱা ঠাই। ইয়াৰ ফলত অসমৰ গছ-গছনি আদি সদায় সেউজীয়া হৈ থাকে। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। কিন্তু উত্তাপ তুলনামূলকভাৱে কম। তাপমান গ্রীষ্মকালত সর্বোচ্চ ৩০ ডিগ্রী চেলছিয়াছ আৰু শীতকালত সর্বনিম্ন ১০ .ডিগ্রী চেলছিয়াছৰ মাজত থাকে।

অসমৰ জলবায়ুক শীত আৰু বর্ষা,এই দুটা ঘাই ঋতুত ভাগ কৰিব পাৰি। অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে শীতকাল আৰু বাকী সময়ছােৱা বর্ষা। অসমত গড় বৰষুণ বছৰি ১৭৮ চেণ্টিমিটাৰৰ পৰা ৩০৫ ছেণ্টিমিটাৰৰ ভিতৰত থাকে। অসমত গ্রীষ্ম কালতাে কম সময়ৰ বাবেহে গৰম পৰে, আদ্রতা থাকে, অধিক পৰিমাণে আৰু সঘনে বৰষুণ হয়।

বিশেষকৈ ব্ৰহ্মপুত্র উপত্যকাৰ পশ্চিম মূৰৰ গােৱালপাৰা আৰু পূর্ব মূৰৰ লখিমপুৰত সঘনে অতি মাত্ৰাত বৰষুণ হয়। আনহাতে নগাঁৱৰ লংকাৰ দাঁতিকাষৰীয়া কপিলী অঞ্চলেই অসমৰ আটাইতকৈ শুকান অঞ্চল। উত্তৰ ভাৰতৰ অন্যান্য অংশৰ দৰে অসমত নির্দিষ্ট কোনাে গৰম আৰু শুকান বতৰ নাই। অসমত শীতকালত মজলীয়াভাৱে তাপৰ তাৰতম্য ঘটে। পাহাৰ অঞ্চল আৰু উজনি অসমৰ তাপমাত্রা অলপ কম।

Leave a Comment

error: Content is protected !!