ক্ষণজন্মা আনন্দৰামৰ Ananda Ram Baruah Essay in Assamese নাম আমি সকলোৱে শুনিছোঁ। আমাৰ আগতো তেওঁৰ নাম বহুতে শুনিছিল আৰু আমাৰ পিছতো বহুতে শুনিব। গতিকে, অতীত, বর্তমান, ভৱিষ্যৎ তিনি কালতে ব্যাপি থাকি তেওঁ তেওঁৰ মহত্ত্বৰ পৰিচয় দিছে। ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে জ্ঞানী সমাজত আনন্দৰামৰ নাম জনাজাত। প্রকৃত মহৎ লোকসকলে এইদৰেই দেশকালৰ সীমা অতিক্রম কৰে। আনন্দৰাম প্ৰকৃত জ্ঞানী, অসাধাৰণ পণ্ডিত আৰু অসাধাৰণ কৰ্মী আছিল; সেই দেখি সুধী সমাজে তেওঁক শ্রদ্ধা দেখুৱায় আৰু ভক্তি কৰে। মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়। গুণজ্ঞ কবিয়ে সেইদেখি গাইছে—‘আনন্দ, তোমাৰ জ্ঞানৰ মূৰুতি আমি সকলোৱে কৰিছোঁ ধ্যান’ ইত্যাদি।Ananda Ram Baruah Essay in Assamese
Table of Contents
আনন্দৰাম বৰুৱাৰ জন্ম
আনন্দৰাম অসমৰে এখনি সৰু গাঁৱত জন্মিছিল। আন অসমীয়াৰ দৰে তেওঁ খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল। কিন্তু তেওঁ একান্তভাৱে জ্ঞান চর্চা কৰিছিল। ইয়ে তেওঁৰ বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে। তেওঁৰ মূল্যবান সংস্কৃতৰ গ্ৰন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব। ইয়াৰ উপৰি, তেওঁ তেওঁৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাওঁতা ৰূপে তেওঁক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক মূর্তিমন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে। প্ৰকৃততে, মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজক উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে৷

কোনো লোকে প্রকৃত জ্ঞানৰ অধিকাৰী হ’লে বা জীৱনৰ মাধুৰী ভোগ কৰিবলৈ পালে বা পৃথিৱীত জন্মলাভ কৰাৰ সাৰ্থকতা উপলব্ধি কৰিলে জন্মদাতা পিতৃ-মাতৃ আৰু লালন-পালন কৰি ডাঙৰ কৰোঁতা উপৰিস্থসকল, সংগীসকল, জ্ঞানদাতাসকল দেশ বা সমাজৰ প্রতি কৃতজ্ঞ হয়। আনন্দৰামৰ জীৱনত ইয়াৰ সত্যতা প্রমাণিত হয়। ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি তেওঁ অগাধ পণ্ডিত হৈ উঠিছিল। তাৰ উপৰি, দেশৰ আন কোনো লোকে সেই কালত আশা কৰিব নোৱৰা ৰজাঘৰীয়া ডাঙৰ বিষয় পাইছিল। তথাপি তেওঁৰ নিজৰ আই-বোপাই, ভাই-ককাইৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধা লেখমানো কমা নাছিল। Ananda Ram Baruah.
সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহি তেওঁ সংস্কৃতৰ সুবৃহৎ গ্ৰন্থ লেখিবলৈ বহিছে, তেতিয়াও তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছে। জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰদীঘল কৰোঁতাসকলক কেনেকৈ ভক্তি দেখুৱাব, কেনেকৈনো তেওঁলোকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিব তাকেহে তেওঁ চিন্তা কৰিছিল। Ananda Ram Baruah Essay in Assamese
আনন্দৰাম বৰুৱাৰ দেশৰ প্ৰতি ভক্তি
আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল। ‘প্রাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহৰ তেওঁ এইদৰে পৰিচয় দিছে। তেওঁৰ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে। এইদৰে য’তে সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি তেওঁ স্বদেশপ্ৰেমৰ পৰিচয় দিছে। শ্রদ্ধেয় ভূঞা ডাঙৰীয়াই লিখা আনন্দৰামৰ জীৱনীৰ বিৱৰণবোৰৰ পৰা আমি জানিব পাৰোঁ যে তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। আমিও কওঁ, যি দেশৰ পিতৃমাতৃৰ পৰা আনন্দৰামৰ দৰে আজীৱন জ্ঞান-পিপাসু আৰু প্ৰকৃষ্ট কৰ্মী পুত্ৰৰ জন্ম হ’ব পাৰে সেই দেশৰ নৰ-নাৰী উভয়ে শ্রদ্ধা পায়। Ananda Ram Baruah Essay in Assamese.
আনন্দৰামে অসমীয়া ভাষাত কোনো গ্রন্থ লিখা নাছিল। সেই দেখি কোনো কোনোৱে তেওঁক দোষাৰোপ কৰিব খুজিব পাৰে। কিন্তু সেইটো ভুল আৰু যুক্তিহীন। তেওঁ কি কি নকৰিলে সেইবোৰলৈ নেচাই তেওঁ কি কি কৰিলে, তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম। এজন মানুহে সকলোবোৰ কাম কৰা অসম্ভৱ। বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যকে আনন্দৰামে ভাল পাইছিল। তাৰে বিশেষ চৰ্চা কৰি নিজ প্রতিভাৰে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ উন্নতি পথৰ ইংগিত দি গ’ল। দেশৰ প্ৰতি এয়ে তেওঁৰ মহৎ দান। ইয়াৰ বাবেই তেওঁ আমাৰ পূজনীয়।
আনন্দৰাম সদায় একাগ্র আছিল। একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। এই গুণেই তেওঁক সাহ আৰু শক্তি দান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলো জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখাপঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই ‘অমৰকোষ’খনি তেওঁ ল’ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কুভাৱ মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ত কৰিব নোৱাৰে আৰু কোনো বিষয়তে সফল হ’ব নোৱাৰে। আনন্দৰাম কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এনে পৱিত্ৰ পথৰ পথিক তেওঁ আমাৰ নমস্য।Ananda Ram Baruah Essay in Assamese.
আনন্দৰাম বৰুৱাৰ শিক্ষা
Ananda Ram Baruah Essay in Assamese.
আনন্দৰামে জ্ঞান লাভৰ কাৰণে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপ ওলাইছিলগৈ। তেওঁৰ জ্ঞান বা বিদ্যা যেনে অসীম আছিল, তাক লাভ কৰিবলৈ সেইদৰে তেওঁ অশেষ পৰিশ্ৰম কৰিবলগীয়া হৈছিল আৰু তাত কম সাহসৰ আৱশ্যক হোৱা নাছিল। আজিকালি বিলাতলৈ অনেকে যায়। গতিকে বর্তমান ই একো আচৰিত হোৱা কথা নহয়; কিন্তু তেওঁ যি কালত গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল। আনকি পথ দুৰ্গম হোৱা বাবে অসমৰ পৰা বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ’লে জাতি যোৱা ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল। গতিকে তেনে সময়ত, পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰামৰ কিমান মনৰ বলৰ আৱশ্যক হৈছিল সহজেই ধৰিব পাৰি।




জ্ঞানৰ পিয়াহে যে তেওঁৰ মনত অতুল সাহ উপস্থিত কৰিছিল তাক সহজে ধৰিব পাৰি। আনন্দৰামে সাহস সিদ্ধি লাভ কৰিলে। আনসকলে বিলাতলৈ যোৱা ভাবিয়েই কেঁচ-মোচ খাই ঘৰৰ সুখ লৈ থাকোঁতে আনন্দৰামে অকলে অসীম সাহসে জাতিসমূহৰ অনিয়া-অনিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিলে। ইয়াতকৈ আৰু কি আনন্দ বা গৌৰৱৰ বিষয় হ’ব পাৰে? আনন্দৰামে অসমীয়া ভাষাত একো নেলেখিলে, এখন অসম বুৰঞ্জী লিখি থৈ নগ’ল, বক্তৃতা আদি দি কোনো আন্দোলনৰ সূত্ৰপাত নকৰিলে, কিন্তু তেওঁ সকলো কর্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি দি গ’ল। নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব।
কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। আনন্দৰামৰ মূলমন্ত্ৰ আছিল কর্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ প্ৰশংসা বা মান নিবিচাৰিছিল। ইয়ে প্রকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ যিমানবিলাক ওখ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল দেখিলে আচৰিত মানিব লাগে। প্ৰকাশ হোৱা গ্রন্থবোৰৰ বাহিৰেও বহুত গ্রন্থ প্রণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি আন নালাগে জগতবিখ্যাত পণ্ডিত মেক্স মূলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। কিন্তু তেওঁ অকালতে প্রাণ ত্যাগ কৰিব লগা হোৱাত সকলোৰে আশা-ভসা মাৰ গ’ল। আনন্দৰামৰ অকাল মৃত্যুত বিদেশ, প্রাচ্য, পাশ্চাত্য সকলোতে হাহাকাৰৰ সৃষ্টি হ’ল। সি হ’বৰে কথা। Ananda Ram Baruah Essay in Assamese.
কাৰণ, জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। এনে এজন প্রতিভাশালী লোকৰ মৃত্যুত গোটেই জগত যে শোকাভিভূত হ’ব সি স্বাভাৱিক। আনন্দৰামৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নোৱাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰামৰ পিছত এই কাম উজু হৈ পৰিছিল। গতিকে প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আদৰ্শ কৰি ভাৰততো বহুতে সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে।
আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শ
Ananda Ram Baruah Essay in Assamese.
আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱ ৰবি। তেওঁৰ অনুসন্ধানস্পৃহা, কৰ্ম আৰু খ্যাতিত বিস্ময়ান্বিত হৈ অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিল। অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে। আজিও যিসকল লোকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলো প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত অসমীয়ায়ো জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে, এই আত্মবিশ্বাস আহিব ধৰিছে।
এই আত্মবিশ্বাস প্রথমে যিজনে নৱযুগৰ আৰম্ভণিতে আমাৰ দেশক দিলে তেওঁ আনন্দৰাম। অসমীয়া শক্তিৰ প্ৰমাণ দিওঁতা বুলি গৌৰৱ কৰি কবিয়ে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি গাইছে— ‘তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি। য়ুৰুপ, এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি।’ আনন্দৰামৰ মহৎ আদৰ্শৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি, তেওঁৰ স্মৃতিত গ্রন্থাদি কৰি, অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতি পথত পৰিচালিত কৰিব পাৰোঁ আৰু মহৎ মহৎ আদৰ্শৰ প্রতি শ্রদ্ধা দেখুৱাই আমাৰ নিজ মনোবৃত্তিৰ আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰোঁ। Ananda Ram Baruah Essay in Assamese.
অসমৰ প্ৰথম বেৰিষ্টাৰ কোন
আনন্দৰাম বৰুৱা
অসমৰ প্ৰথম আইচিএছ কোন?
আনন্দৰাম বৰুৱা
Who is the first ICS in Assam?
Ananda Ram Baruah